সপোন বনাম জীৱন
তুমি নদী আছিলা
আৰু এদিন সাগৰ হোৱাৰ কথা আছিল
ৰৌদ্রোজ্বল প্রতিটো পুৱাৰ ছাঁ
তোমাৰ বুকুত জিৰাবহি...
যৌৱনৰ হুমুনিয়াহবোৰৰ নাম থকা হ'লে
এখন আকাশ হ'লোহেতেন
গৰখীয়া মেঘৰ হেন্দোলনিত
পাহৰি গ'লোহেতেন বিজুলীৰ আৰৰ বিষাদ
সম্ভাৱনাৰ দোকমোকালি দিনত তুমি আহিছিলা
বিশ্বাসৰ শেতেলীত ঘুমটিয়াইছিল মোৰ হৃদয়খন
তোমাৰ সাহসত পাৰ হ'ব খোজোঁ অচিনা নদী
সপোনে ভাঙিব খোজে যৌৱনৰ সেতু
কাৰ সূখৰ সন্ধানত বিষাদ হ'ব খোজে মোৰ প্রতিনিয়ত...।।